প্ৰলোভনক কেনেকৈ প্ৰতিহত কৰিব পাৰি
19 বাইবেল পদ আমাক প্ৰলোভন প্ৰতিহত কৰাত সহায় কৰিবলৈ যেতিয়া আমি ইয়াৰ সন্মুখীন হওঁ…
এতিয়া পঢ়ক বা প্ৰিন্ট কৰক আৰু পিছৰ বাবে সংৰক্ষণ কৰক…
১ কৰিন্থীয়া ১০:১৩ পদ
যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।
গালাতীয়া ৫:১৬ পদ
কিন্তু মই কওঁ, আপোনালোকে আত্মাৰে চলক; তাতে কোনোমতে আপোনালোকে মাংসৰ অভিলাষ পুৰ নকৰিব।
যাকোব ৪:৭ পদ
এতেকে আপোনালোক ঈশ্বৰৰ বশীভুত হওক আৰু চয়তানক প্ৰতিৰোধ কৰক; তাতে সি আপোনালোকৰ মাজৰ পৰা পলাই যাব।
১ কৰিন্থীয়া ৬:১৮-২০ পদ
ব্যভিচাৰৰ পৰা পলাওক। মানুহে যি পাপ কার্য কৰে, সেইবোৰ তেওঁৰ শৰীৰৰ বাহিৰত কৰে; কিন্তু যি কোনোৱে যৌনপাপ কৰে, তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধেই পাপ কৰে। আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নে কি? আপোনালোক এতিয়া নিজৰ নহয়। কিয়নো আপোনালোকক মূল্য দি কিনা হৈছে; এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰক।
ইব্ৰী ২:১৮ পদ
কিয়নো যীচুৱে নিজে পৰীক্ষা আৰু দুখভোগৰ মাজেদি গৈছিল, সেই বাবে যি সকল লোক পৰীক্ষাৰ সন্মুখীন হয় তেওঁলোকক তেওঁ সহায় কৰিব পাৰে।
১ যোহন ১:৯
কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে।
যাকোব ১:১৪
কিন্তু প্ৰত্যেক ব্যক্তি নিজৰ কু-অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় আৰু ফুচুলনিত পৰি পৰীক্ষিত হয়।
যাকোব ৪:১৭ পদ
এতেকে যিজনে সৎ কৰ্ম কৰিবলৈ জানিও, উচিত ভাবে নকৰে, সেই জনে পাপ কৰে।
ইব্ৰী ৪:১৫ পদ
কিয়নো আমাৰ মহা-পুৰোহিত এনেকুৱা নহয় যে, তেওঁ আমাৰ দূৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে; কাৰণ তেওঁ পাপ নকৰাকৈয়ে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল।
১ যোহন ২:১
হে মোৰ প্ৰিয় সন্তানসকল, আপোনালোকে যেন পাপ নকৰে, এই আশয়েৰে মই আপোনালোকলৈ এইবোৰ কথা লিখিছোঁ। কিন্তু কোনোৱে যদি পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায় কৰিবলৈ ধাৰ্মিক যীচু খ্ৰীষ্ট আছে।
লূক ২২:৪০ পদ
সেই ঠাই পাই তেওঁ তেওঁলোকক ক’লে, “পৰীক্ষাত যেন নপৰা, এই কাৰণে প্ৰাৰ্থনা কৰা।”
ৰোমীয়া ১২:২
আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷
ৰোমীয়া ৮:৩১
তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
গীতমালা ১১৯:১১
তোমাৰ বাক্য মই মোৰ হৃদয়ত সঞ্চয় কৰি ৰাখিছো, যেন তোমাৰ অহিতে পাপ নকৰোঁ।
১ যোহন ৫:৪
যিসকল ঈশ্বৰৰ পৰা জন্ম পোৱা, তেওঁলোকে জগতক জয় কৰে। আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস।
মথি ১১:২৮-৩০ পদ
হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম। মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা। কিয়নো মোৰ যুৱঁলি বৈ নিয়া সহজ আৰু মোৰ বোজাও লঘু।”
মথি ৬:১৩ পদ
আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা৷’
লূক ১৩:২৪ পদ
“ঠেক দুৱাৰেদি সোমাবলৈ বহুত কষ্ট, প্ৰাণপণে চেষ্টা কৰা; মই তোমালোকক কওঁ, অনেক লোকে তাত সোমাবৰ বাবে যত্ন কৰিব, কিন্তু নোৱাৰিব৷
প্ৰলোভনক কেনেকৈ প্ৰতিহত কৰিব পাৰি-১৯ বাইবেলৰ পদ
Do You Wish to Donate